newsnextone.com | গোৰেশ্বৰঃ ১৯৭৪ চনত কেইগৰাকীমান মানুহৰ নেতৃত্বত ভৱিষ্যৎ প্ৰজন্মক শিক্ষাৰ পোহৰ দিবলৈ প্ৰতিষ্ঠা কৰা এখন শিক্ষানুষ্ঠান৷ যিখন শিক্ষানুষ্ঠানত প্ৰতিষ্ঠা কৰাৰ বাবে কপালৰ ঘাম মাটিত পেলাইছিল বৃহৎ এটা অঞ্চলৰ ৰাইজে৷ কোনোবাই বাঁহ দিছিল, কোনোবাই কাঠ আৰু কোনোবাই নগদ ধন দি প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ ধ্বংস হোৱাত হায়ৰান হৈ পৰিছে এটা অঞ্চলৰ ৰাইজে৷
চকুৰ সন্মুখতে ধ্বংস শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি একাংশ লোকে কেৱল ধন ঘটাৰ বাবে আহিলা হিচাপে ব্যৱহাৰ কাৰৰ ব্যাপক অভিযোগ উত্থাপন হৈছে৷ একাংশ লোকে পাঠদানৰ নামত অৱসৰ বিনোদনৰ প্ৰথাহে চলিব ধৰিছে বুলি কব খোজে৷ আন একাংশ লোকে এটি অঞ্চলৰ আৱেগক প্ৰতিদিনে ইতিকিং কৰি যোৱাৰো অভিযোগ উত্থাপন হৈছে৷