newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে ৰাজ্যৰ ২৮ জনগোষ্ঠীয় সংগঠনৰ সৈতে বহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
আছুৰ নেতৃত্বত ৰাজ্যৰ ২৮ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সৈতে কেইবাঘণ্টা বৈঠক অনুষ্ঠিত কৰে যদিও মুখ্যমন্ত্ৰীৰ পৰা হিন্দু শৰণাৰ্থী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সুদত্তৰ নোপোৱা বুলি অভিযোগ উত্থাপন কৰে আছুৰ মুখ্য উপদেষ্টা সমজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷