Home ৰাজ্যসমাজত অস্থিৰতা বৃদ্ধি পাইছে, অধ্যয়ন অবিহনে সুস্থ সমাজ গঢ় দিব নোৱাৰি

সমাজত অস্থিৰতা বৃদ্ধি পাইছে, অধ্যয়ন অবিহনে সুস্থ সমাজ গঢ় দিব নোৱাৰি

by News Desk
71 views
A+A-
Reset

newsnextone.com | কাজিৰঙাঃ ৰাজ্যৰ আগশাৰীৰ সাহিত্যৰ অনুষ্ঠান সদৌ অসম কবি সন্মিলনৰ অন্যতম সমিতি বোকাখাত মহকুমা কবি সন্মিলনৰ প্ৰথম বৰ্ষপূৰ্তি শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷ বোকাখাত পুৱতি সাহিত্য সভা ভৱনত পুৱা সন্মিলনৰ সভাপতি অমৰ শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছতে বন্তি প্ৰজ্বলন কৰে সন্মিলনৰ উপদেষ্টা মিনতি দলেই। দুপৰীয়া বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি, লেখক-গল্পকাৰ অপূৰ্ব বৰদলৈৰ সভাপতিত্বত মুকলি সভা আৰু কবি সন্মিলন অনুষ্ঠিত হয়।

বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদিকা তথা কবি পলিমা চেতিয়া বসুমতাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰি কয় যে বিভিন্ন কাৰকৰ বাবে সাম্প্ৰতিক সময়ত সমাজ অস্থিৰ হৈ পৰিছে। আন লোকৰ সমান্তৰালকৈ সামাজিক অৱক্ষয় ৰোধ কৰিবলৈ কবিসকলৰ ভূমিকা অপৰিসীম বুলি কয় চেতিয়াই। মুকলি সভাত অংশ লৈ কবি অমৰ শৰ্মাই কবি-অকবি অথবা কবিতা-অকবিতাৰ বিতৰ্কই শেহতীয়া ভাৱে সমগ্ৰ ৰাজ্যখনৰে বিভিন্নগৰাকী লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি কয়। ভোগবাদী চিন্তাধাৰাই সম্প্ৰতি সমস্ত সমাজ ব্যৱস্থাতে এক বিৰূপ প্ৰভাৱ পেলাইছে। ভাইৰাছৰ ৰূপ লোৱা এনে চিন্তাৰ পৰা মুক্ত হ’বৰ বাবে প্ৰতিগৰাকী লোক বিশেষকৈ উঠি অহা প্ৰজন্মই অধ্যয়ন কৰাটো অত্যন্ত প্ৰয়োজন বুলি কয় শৰ্মাই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0