newsnextone.com | চাবুৱাঃ অসমত হিন্দু বাংলাদেশীক সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ অসমীয়াৰ জীৱনৰ সৈতে নেখেলিবলৈ চৰকাৰক সকিয়নী প্ৰদান কৰি বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ জনতাও ৰাজ পথলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ জাতীয় নায়ক আখ্যায়িত সৰ্বানন্দ সোণোৱালে অসমীয়াৰ ক্ষতি হ’ব পৰা কোনো কামেই নকৰো বুলি আশ্বাস প্ৰদান কৰিলেও এতিয়াও সেই আশ্বাসত পতিয়ন যাব বিচৰা নাই অসমবাসী৷
বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জন্ম চহৰতো উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ শনিবাৰে বিধেয়কখন বাতিলৰ দাবীত চাবুৱাত ১৮ টা সংগঠন একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷