newsnextone.com | গুৱাহাটীঃ জাতিৰ বিবেক বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোঁহাইক দেওবাৰে ৰাজ্যৰ এটি সাংস্কৃতিক অনুষ্ঠানে ‘অসম গৌৰৱ বঁটা’ৰে সন্মান যাচে৷ যোৰহাটৰ আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী ‘গতি সাংস্কৃতিক গোষ্ঠী’য়ে বুদ্ধিজীৱী গোঁহাইক এই বঁটা প্ৰদান কৰে৷ এখন শৰাই, মানপত্ৰ, এটা স্মাৰক অাৰু নগদ ১০ হাজাৰ টকাৰে বঁটা প্ৰদান কৰা হয়৷
দীৰ্ঘ সময় ধৰি অসমীয়া জাতি তথা ৰাজ্যবাসীৰ বাবে মাত মাতি অহা গোহাঁইক কৰ্মৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰে৷ চৰকাৰৰ জনবিৰোধী নীতি, অন্যায়-অবিচাৰ আৰু খাটিখোৱা, শ্ৰমিক, দৰিদ্ৰৰ হকে মাত মাতি অহা গোহাঁইক সমাজৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰে৷ বঁটা গ্ৰহণ কৰি ভাষণ প্ৰদান কৰি বিশিষ্ট চিন্তাবিদগৰাকীয়ে জীৱনত বঁটা কম, গতা বেছি খাইছো বুলি কয়৷