newsnextone.com | কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত সোমবাৰে আক্ৰাছুৱে কোকৰাঝাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। কোকৰাঝাৰ শিশু উদ্যানৰ সন্মুখত অনুষ্ঠিত প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ মুখৰিত কৰি তোলে।
কাৰ্যসূচীৰ অন্তত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে কোচ ৰাজবংশী জনতাৰ দাবী পুৰণ নকৰিলে লোকসভা নিৰ্বাচনত বিজেপি দলক উচিত এসেকা দিয়া হ’ব বুলি মন্তব্য কৰে।