newsnextone.com | গুৱাহাটীঃ শিল-বালিৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু কৃত্ৰিম নাটনিয়ে স্থবিৰ কৰিছে ৰাজ্যৰ নিৰ্মাণ কাৰ্য। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি ‘এৰিডা’ নামৰ সংস্থাটোৱে এই দাবী কৰে৷ এৰিডা’ৰ সভাপতি প্ৰণব কুমাৰ শৰ্মাই সংবাদমেলত ৰাজ্যৰ নিৰ্মাণ আৰু ৰিয়েল ষ্টেটত উদ্যোগ খণ্ডত পোন প্ৰথমবাৰৰ বাবে এনে সংকটৰ সন্মুখিন হোৱা বুলি দাবী কৰে৷
২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যৰ নিৰ্মাণ আৰু ৰিয়েল ষ্টেট খণ্ডত এনে সংকটৰ সন্মুখিনৰ হৈ থকাৰ পিছতো বাৰে বাৰে আবেদন-নিবেদন কৰাৰ পিছতো বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰণব কুমাৰ শৰ্মাই।