newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজনীতিত নিৰ্দিষ্ট বয়স নাই৷ ভোটাধিকাৰ লাভ কৰিবৰ পৰা আমৃত্যু পৰ্যন্ত যি কোনো ভাৰতীয় নাগৰিকেই ৰাজনীতিৰ পথাৰত সদম্ভে পদাৰ্পণ কৰিব পাৰে৷ সেয়ে ৯০ বছৰ অতিক্ৰম কৰাৰ পিছতো বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীয়ে পুনৰ এবাৰ লাভ কৰিলে নিৰ্বাচনী প্ৰস্তাৱ৷
২০১৯ৰ লোকসভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজোপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক অনুৰোধ জনোৱা বুলি জানিব পৰা গৈছে৷ আনন্দ বজাৰ পত্ৰিকা নামৰ বাংলা বাতৰি কাকতখনৰ বাতৰি অনুসৰি মোডীয়ে বিজেপিৰ আন এগৰাকী জ্যেষ্ঠ নেতা মুৰুলী মনোহৰ যোশীকো লোকসভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বৰ বাবে অনুৰোধ জনাইছে৷