newsnextone.com | খেৰণিঃ চৰকাৰে নাৰী নিৰ্যাতন ৰোধ কৰাৰ বাবে কেইবাখনো আইন প্ৰৱৰ্তন কৰিছে৷ কিন্তু তাৰ পিছতে প্ৰতিদিনে শিশুৰ পৰা বৃদ্ধালৈ অনেক নাৰী এচাম নৰপিশাচৰ কামনাৰ বলি হ’বলগীয়া হৈছে৷ চৰকাৰে এফালে নাৰী সুৰক্ষাৰ ঢাক-ঢোল বজালেও আনফালে নাৰী সুৰক্ষাক নৈ নিজেই সন্দিহান হৈ পৰিচে নাৰী জাতি৷
নাৰী নিৰ্যাতিত হয় শিক্ষকৰ শ্ৰেণীকোঠাত, নাৰী নিৰ্যাতিত হয় বাটে-ঘাটেও৷ বিশেষকৈ ছাত্ৰী আৰু নাবালিকাসকল নিৰ্যাতনৰ বলি হোৱা ঘটনা দিনক দিনে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে৷ যাৰ ফলত নিজৰ ছোৱালী সন্তানৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল৷