newsnextone.com | দুলীয়াজানঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন কৰিব বিচৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আহিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, গায়ক, অভিনেতা-অভিনেত্ৰীয়ে৷
নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে সৰ্ব প্ৰকাৰৰ লোকে৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷