newsnextone.com | কাজিৰঙাঃ দুই যুৱকৰ হত্যাকাণ্ডই ৰাজ্য উত্তাল হৈ থকাৰ সময়তে গোলাঘাটৰ বোকাখাতত কেইবাশতাধিক নাৰীয়ে মঙলবাৰে ঘৰৰ পৰাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ বোকাখাতত প্ৰশাসনৰ বুঢ়া আঙুলি দেখুৱাই ধাৰাবাহিক নাৰী নিৰ্যাতন-ধৰ্ষণ-হত্যাৰ ঘটনা সংঘটিত হৈ অহাত প্ৰতিবাদমুখৰ হৈ পৰে বোকাখাত চহৰ।
বোকাখাত কেন্দ্ৰীয় মহিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও দল-সংগঠনৰ সহযোগত নাৰী নিৰ্যাতন, ধৰ্ষণ-হত্যাৰ ঘটনাৰ বিৰুদ্ধে আৰু কাৰ্বি আংলঙৰ ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে৷ বোকাখাত চাৰিআলিৰ চিকন আঁতা থানৰ তোৰণৰ তলত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক ধিক্কাৰ দি আইন-শৃংখলা নিয়ন্ত্ৰণত সম্পূৰ্ণ বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰে৷