গুৱাহাটীঃ শিক্ষা তথা শিক্ষাদানৰ মানদণ্ড নিৰূপণৰ বাবে অসম চৰকাৰে চাৰিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ কৰিছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই বিশেষ পদক্ষেপৰ জৰিয়তে বিদ্যালয় সমূহৰ শিক্ষাদানৰ মানদণ্ড, শিক্ষকসকলৰ জ্ঞানৰ মানদণ্ড, শিক্ষা সমলসমূহৰ সঠিক ব্যৱহাৰ, চাফ চিকুণতাৰ মানদণ্ড, নৈতিক শিক্ষা গুণগত আদি শিক্ষাৰ সকলো আনুসংগিক দিশ সামৰি লোৱা হৈছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত প্ৰস্তুত কৰা এই কাৰ্যসূচী ২০১৬-১৭ বাজেট বৰ্ষৰ ঘোষণা কৰা অনুসৰি ২টা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছে। প্ৰথম পৰ্যায়ত বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ (মহানগৰ), লখিমপুৰ, মৰিগাওঁ, কাৰ্বি আংলংত ৪ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈকে অনুষ্ঠিত কৰা এই গুণোৎসৱত সৰ্বমুঠ ১২,৩২০ খন বিদ্যালয় আৰু ৯,১১,৫৮৮ জন ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে। উল্লেখ্য যে ৪ এপ্ৰিলৰ পৰা শুভাৰম্ভ হোৱা এই কাৰ্য্যসূচীত ৰাজ্যৰ প্ৰায় ১৫ খন জিলাই সমৰ্থন আগবঢ়াইছে।