newsnextone.com | গোৰেশ্বৰঃ সোমবাৰে ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰাথমিক শিক্ষকসকলে চৰকাৰে তেওঁলোকক বাৰে বাৰে বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত সমগ্ৰ ৰাজ্যতে শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে৷
উজনি-নামনিৰ লগতে বিটিএডিটো শিক্ষসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু বড়ো শিক্ষক সন্থাই গোৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই কাৰ্যালয় বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷