Home গুৱাহাটীপঞ্চায়ত নিৰ্বাচন-এনআৰচি চৰকাৰৰ বাবে অগ্নি পৰীক্ষা, ৩০ জুনত প্ৰকাশ পাব নে NRCৰ খচৰা?

পঞ্চায়ত নিৰ্বাচন-এনআৰচি চৰকাৰৰ বাবে অগ্নি পৰীক্ষা, ৩০ জুনত প্ৰকাশ পাব নে NRCৰ খচৰা?

by News Desk
72 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ অহা ৩০ জুনত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ নোপোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ ৰাজ্যত ভয়াবহ বানে কেইবাখনো জিলাক ক্ষতিগ্ৰস্ত কৰাত  যোৱা কেইবাটাও দিন ধৰি এনআৰিচত নিয়োজিত হৈ থকা লোকসকলে তথ্য পাতি পৰীক্ষণৰ কাম কৰিব পৰা নাই৷ বহু সেৱা কেন্দ্ৰত বানৰ পানী উঠাত কাম কাজ কৰিব নোৱাৰাৰ লগতে কেইবাটাও সেৱা কেন্দ্ৰ স্থানান্তৰিত কৰিব লগা হৈছে৷

এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত বানপানীৰ প্ৰভাৱৰ ফলত এনআৰচিৰ চূড়ন্ত খচৰা প্ৰকাশ পোৱাত বিলম্ব হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে বুলি আশংকা ব্যক্ত কৰে। বানৰ প্ৰভাৱৰ ফলত এনাৰচিৰ চূড়ান্ত খচৰা ৩০ জুনত প্ৰকাশ নাপাব পাৰে বুলি আশংকা ব্যক্ত কৰি হাজেলাই বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বহু এনএছকে আজিও পানীৰ তলত বুলি কয়৷ ইতিমধ্যে ৬টা এনএছকে স্থানান্তৰিত কৰিব লগা হৈছে৷ বানপানীৰ বাবে সময় নষ্ট হৈছে৷ হোজাই আৰু পশ্চিম কাৰ্বি আংলঙতো এনএছকে ক্ষতিগ্ৰস্ত হৈছে৷ আমি ডেডলাইন মতে কাম কৰিবলৈ চেষ্টা কৰি আছোঁ৷ কিন্তু বানপানীয়ে কেনেধৰণে ক্ষতি কৰিছে কেইদিনমান পিছতহে গম পোৱা যাব বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে হাজেলাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0