newsnextone.com | তিনিচুকীয়াঃ দৰিদ্ৰতাই চৌপাশে চানি ধৰিছে৷ ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰৰ বাবে প্ৰধান সমস্যাটোৱেই হৈছে দৰিদ্ৰতা৷ যিটো সময়ত এজন সাধাৰণ দৰিদ্ৰ লোকে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়, সেই সময়তে দেশৰ বেংকৰ পৰা কোটি কোটি টকা হৰলুকি কৰি পলায়ন কৰি আছে নিৰৱ মোডী, বিজয় মালিয়াৰ দৰে অপৰাধীসকল৷
আনফালে, আকৌ অসমৰ বন্যাৰ্তৰ কৰুণ বিননীয়ে ৰাজ্যখনৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰি তোলাৰ সময়তে তিনিচুকীয়াৰ এটা ষ্টেট বেংক এটিএমত নিগনিয়ে কুটি প্ৰায় দহ লক্ষাধিক টকা জাৱৰৰ দমল ৰূপান্তৰিত কৰা কাৰ্যই অসমত বেংক সেৱাৰ ফপোলা স্বৰূপ উদঙোৱা বুলি প্ৰশ্নৰ উত্থাপন হৈছে৷