newsnextone.com | মঙলদৈঃ এগৰাকী নিৰীহ থলুৱা যুৱকক মাৰধৰ কৰি সেই ভিডিঅ’ ছচিয়েল মিডিয়াত এৰি দিয়া পংকজ হাজৰিকাক দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ওদালগুৰি জিলাৰ কালাইগাঁৱত আৰক্ষীয়ে অভিযান চলাই পংকজ হাজৰিকাক গ্ৰেপ্তাৰ কৰে। ওদালগুৰি জিলাৰ কলাইগাঁও মৰেল পুলিচ কাণ্ডৰ সৈতে জড়িত আছিল পংকজ হাজৰিকাই৷ এচাম মৰেল পুলিচৰ হাতত এজন যুৱক প্ৰহৃত হোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ সেই ভিডিঅ’ত দেখা গৈছিল পংকজ হাজৰিকাক৷
জানিব পৰা মতে, ওদালগুৰি জিলাত এচাম মৰেল পুলিচৰ হাতত এজন যুৱক প্ৰহৃত হোৱাৰ ভিডিঅ’ যোৱা কেইবাটাও দিন ধৰি ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে পুনৰ এবাৰ মানুহৰ মাজত লুকাই থকা অমানুহৰ মুখাখন খোল খাই পৰা পৰিলক্ষিত হৈছে৷ এজন যুৱকক বান্ধি চৰ, ভুকু, কিল, গোৰ শোধাই অমানুষিক অত্যাচাৰ চলোৱা ঘটনাই পুনৰ এবাৰ চিন্তাৰ উদ্বেগ কৰিছে যে আধুনিকতাই মানুহক পশুতকৈ নীচ কৰি তুলিছে নেকি?