newsnextone.com | ডিজিটেল ডেস্কঃ কেমেৰাত বিভিন্ন ভাৱ ভংগীমাৰে নিজক আবদ্ধ কৰিবলৈ মন কাৰনো নাথাকে৷ মানুহৰ মনৰ এই ফটো তোলা আগ্ৰহৰ চাহিদা পূৰাবলৈকে মোবাইল নিৰ্মাতা সকলেও আজিকালি বেষ্ট কুৱালিটিৰ কেমেৰা মোবাইল ফোনত সংযুক্ত কৰিছে৷ যাতে সুন্দৰ কেমেৰাৰে সকলোৱে নিজক সময়ৰ পাতত আবদ্ধ কৰি ৰাখিব পাৰে৷
কিন্তু চেলফি উঠিবলৈ গৈ বিপদত পৰা ঘটনাও বহু ঘটিছে৷ কেতিয়াবা যদি ফটো উঠিবলৈ গৈ ঘৰিয়ালৰ আহাৰ হোৱাৰ ভিডিঅ’ ভাইৰেল হৈছে, কেতিয়াবা আকৌ বৰলৰ লৈতে চেলফি উঠিবলৈ গৈ বৰলে কামোৰা মুখৰ ফটোও ভাইৰেল হৈছে৷ কিন্তু ইমানৰ পিছত চেলফি উঠাৰ হেপাহ মানুহৰ কম হোৱা নাই৷ নতুন ঠাইত, নতুন পৰিস্থিতিত চেলফি উঠিবলৈ সকলোৱে ইচ্ছা কৰে৷