newsnextone.com | নামতিঃ ‘কিতাপ পঢ়ি জগত চিনক, কিতাপ পঢ়ি জগত জিনক’ শীৰ্ষক চিন্তাৰে শিৱসাগৰ জিলাৰ নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ সহযোগত নামতিত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থমেলা৷ ৮০৬ নং কৰুণাসাগৰ নিম্ন প্ৰথমিক বিদ্যালয়ত অনুষ্ঠিত গ্ৰন্থমেলাৰ শুকুৰবাৰে পুৱা আনুষ্ঠানিক ভাৱে মুকলি কৰে নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা ৰমেন বৰুৱাই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্ত, শিক্ষাবিদ সমীৰ কুমাৰ চেতিয়া আৰু অজিত শইকীয়াই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যে গ্রন্থমেলাৰ সন্দর্ভত ভাষণ আগবঢ়ায়। অনুষ্ঠানৰ আঁত ধৰে নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কর্ন্দপ নেওগে। আনহাতে, ২৩ জুন অর্থাৎ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে।