newsnextone.com | ডিব্ৰুগড়ঃ কামৰূপৰ ছয়াগাঁও, বঙাইগাঁৱৰ পিছত এইবাৰ আঞ্চলিক দল অগপই কঁপাব মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবাল প্ৰতিবাদ অব্যাহত ৰখা অগপই মিত্ৰ দলৰ বিজেপিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
কেন্দ্ৰৰ বিজেপি চৰকাৰে অসম আৰু অসমীয়া জাতিক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ অসমত লাখ লাখ হিন্দু বাংলাদেশী লোকক ভাৰতীয় নাগৰিকত্ব দিবলৈ ওলোৱাত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে মিত্ৰ জোঁটৰ চৰকাৰৰ অন্যতম সংগী অগপই প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷