Home ৰাজ্যসাৱধান! আকৌ দেখুৱাইছে যমৰ ঘৰ, পথাৰত পৰি থকা তাঁৰত লাগি কণমানি ছাত্ৰৰ মৃত্যু

সাৱধান! আকৌ দেখুৱাইছে যমৰ ঘৰ, পথাৰত পৰি থকা তাঁৰত লাগি কণমানি ছাত্ৰৰ মৃত্যু

by News Desk
63 views
A+A-
Reset

newsnextone.com | সোণাৰিঃ ৰাজ্যবাসী সাৱধান হ’বৰ হ’ল৷ কিয়নো ৰাজ্যত আকৌ তাঁৰ ছিঙিবলৈ আৰম্ভ কৰিছে৷ ২০১৭ চনত প্ৰায় ৯০জনকৈ লোকৰ প্ৰাণ যোৱাৰ দৰেই এইবেলিও বাৰিষা আৰম্ভ হোৱাৰ পৰা এতিয়ালৈ কেইবাজনো লোকৰ ছিঙা তাঁৰত লাগি মৃত্যু হয়৷ অসমৰ ৰাইজক যমৰ ঘৰ দেখুৱাবলৈ যেন আৰম্ভ আৰম্ভ কৰিছে মন্ত্ৰী তপন কুমাৰ গগৈৰ বিভাগটোৱে৷ মন্ত্ৰী তপনৰ বিভাগৰ তাঁৰ ছিঙি পুনৰ এগৰাকী কণমানি ছাত্ৰৰ প্ৰাণ গ’ল শনিবাৰে৷

চৰাইদেউ জিলাৰ সোণাৰিৰ টিয়ক বঙালী গাঁৱত এগৰাকী কণমানি ছাত্ৰৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ খোদ শক্তিমন্ত্রী তপন কুমাৰ গগৈৰ গৃহ সমষ্টিত বিদ্যুৎ কৰ্মীৰ চৰম গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ পুনৰ এগৰাকী নিস্পাপ ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে শক্তিমন্ত্ৰীৰ সমষ্টিত এতিয়ালৈ তৃতীয়গৰাকী লোকৰ প্ৰাণ যায়৷ শিশুৰ মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই শক্তিমন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ৰাইজ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0