Home গুৱাহাটীঅসমৰ চালক সোণমণি কলিতাৰ সমৰ্থনত দিল্লীৰ অ’লা-উবেৰ চালকৰ প্ৰতিবাদ, অসমত নিমাত সকলো

অসমৰ চালক সোণমণি কলিতাৰ সমৰ্থনত দিল্লীৰ অ’লা-উবেৰ চালকৰ প্ৰতিবাদ, অসমত নিমাত সকলো

by News Desk
128 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলঙৰ পৰা জাঁপ দিয়া সোণমণি কলিতাৰ সমৰ্থন কৰিবলৈ ওলাই আহিল দিল্লীৰ কেইবাটাও চালক সংস্থাই৷ অসমৰ চালকগৰাকীৰ সমৰ্থনত দিল্লীৰ শতাধিক চালকে গাড়ী চলোৱা বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ন’চনেল কেপিটেল ৰিজন চমুকৈ এনচিআৰৰ সকলো চালক সংস্থাৰ নেতৃত্বই একত্ৰিত হৈ দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসমৰ সমূহো চালকৰ সকলো সমস্যা তথা প্ৰতিটো প্ৰতিবাদক সমৰ্থন জনাব বুলি কয় দিল্লীৰ চালকসকলে৷ 

উল্লেখ্য যে, সোণমণি কলিতাই অ’লা-উবেৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে আত্মহত্যা কৰিবলৈ বাধ্য হয় বুলি অভিযোগ উত্থাপন হৈছে৷ দীৰ্ঘ সময়ৰ পৰা ইনচেনটিভ বন্ধ কৰি ৰখাৰ লগতে কমিছনো পূৰ্বৰ দৰেই দিয়াৰ ফলত অসমৰ অ’লা-উবেৰ চালকসকলে ঘৰ চলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হয়৷ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ হোৱাৰ ফলত পূৰ্বৰে পৰা দিয়া কমিছনেৰে ঘৰ চলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হয়৷ ফলত দীৰ্ঘদিন ধৰি ইনচেনটিভ প্ৰদান-কমিছন বৃদ্ধিৰ দাবী জনাই আহিছিল যদিও অ’লা-উবেৰ কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা নাছিল৷ যাৰ ফলত সোণমণি কলিতাই আত্মহত্যা কৰিব লগা হয় বুলি অভিযোগ উত্থাপন হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0