Home ৰাজ্যকোকৰাঝাৰ নাথ যোগী সন্মিলনীৰ অধিৱেশনৰ সামৰণি

কোকৰাঝাৰ নাথ যোগী সন্মিলনীৰ অধিৱেশনৰ সামৰণি

by News Desk
66 views
A+A-
Reset

কোকৰাঝাৰঃ অসমৰ অন্যতম প্ৰাচীন আৰু শান্তিপ্ৰিয় জনগোষ্ঠী নাথ-যোগীসকলক চৰকাৰে কৰা বঞ্চনা অাৰু অৱহেলাৰ বাবেই অাাজি নাথ-যোগীৰ মাজত বিদ্ৰোহৰ উকমুকনি হৈছে। দীৰ্ঘদিন শোষণ বঞ্চনাৰ পৰিণতিত নাথ যোগীসকল অাজি ৰাজপথলৈ ওলাই অাহিছে অাৰু প্ৰাপ্ত অধিকাৰৰ বাবে অাৰম্ভ হোৱা এই অান্দোলন অনাগত সময়ছোৱাত অধিক ব্যাপকতাৰে ভয়াৱহ গণ অান্দোলনলৈ ৰপান্তৰিত কৰাৰ বাবে নাথ-যোগী সন্মিলনী বদ্ধপৰিকৰ। এই মন্তব্য প্ৰকাশ কৰিছে বিটিএডি নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথে।

কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাত অনুষ্ঠিত হোৱা উত্তৰখণ্ড নাথ যোগী সন্মিলনীৰ ৩৫তম দ্বিবাৰ্ষিক অধিবেশনৰ অাজি অন্তিমদিনৰ কাৰ্যসূচীৰ মুকলি সভাত অংশগ্ৰহন কৰি বিটিএডি নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথে উক্ত মন্তব্য প্ৰকাশ কৰি কয় যে যুগ যুগ ধৰি বঞ্চনা-লাঞ্চনা-অৱহেলাৰে জীয়াই থকা ৰাজ্যৰ নাথ-যোগীসকল এতিয়া অাত্মঅধিকাৰ, সাংবিধানিক অাৰু ৰাজনৈতিক অধিকাৰ অাাত্মপ্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে । ইতিমধ্যে নাথ-যোগীসকল জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্বশাসনৰ দাবীত অান্দোলন অাৰম্ভ কৰিছে অাৰু দিল্লী – দিচপুৰত ধৰ্ণা সমদলৰ দৰে কেবালানি কাৰ্যসূচী গ্ৰহন কৰা সত্বেও চৰকাৰে কোনোধৰণৰ ধনাত্মক পদক্ষেপ গ্ৰহণ নকৰাত অান্দোলন অধিক জোৰদাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0