গুৱাহাটীঃ বাপতিসাহোন ৰঙালী বিহু আহি পদূলিমুখ পালেহি। ৰাজ্যৰ চৌদিশে এতিয়া ব্যাপক প্ৰস্তুতি। বিহু অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে কন্ঠশিল্পীসকলৰ। ন ন গীতেৰে ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰিছে প্ৰতিগৰাকী শিল্পীয়ে।
ইয়াৰ মাজতে সোমবাৰে কন্ঠশিল্পী জিৰিমি কাকতিয়ে সংগীতপ্ৰেমী ৰাইজৰ বাবে ‘মই নীলঞ্জনা’ শীৰ্ষক এটি মিউজিক ভিডিঅ’ মুকলি কৰে। নুনমাটিস্থিত গায়িকাগৰাকীৰ বাসগৃহত অনুষ্ঠিত গীত উন্মোচনী সভাত অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত, কন্ঠশিল্পী চন্দন দাস, মৌচম গগৈ উপস্থিত থাকে।