newsnextone.com | ডিফুঃ কাৰ্বি আংলঙ জিলাত গঢ়ি উঠা একাংশ অবৈধ ফাৰ্মাচীয়ে মুকলিকৈ চলাই গৈছে ব্যৱসায়৷ এই অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ ডিফু আঞ্চলিক সমিতিয়ে এই অভিযোগ উত্থাপন কৰি অবৈধ ফাৰ্মাচী সমূহ বন্ধ নকৰিলে শীঘ্ৰে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে৷
মঙলবাৰে আছুৰ ডিফু আঞ্চলিক সমিতিয়ে কাৰ্বি আংলঙ জিলাৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্তক সাক্ষাৎ কৰি অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ আছুৰ ডিফু আঞ্চলিক সমিতিৰ এটা প্ৰতিনিধি দলে উপায়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰও প্ৰদান কৰে৷