newsnextone.com | তেজপুৰঃ ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই বৰ্দ্ধিত মজুৰি পাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ চাহ শ্ৰমিকসকলে৷ যাৰ ফলত বাৰে বাৰে আন্দোলন কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ শ্ৰমিকে প্ৰতিবাদ কৰি অহাৰ সময়তে মঙলবাৰে তেজপুৰত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ আৰু চিটুৱে প্ৰতিবাদ সাব্যস্ত কৰি ১৩৭ টকাৰ পৰিৱৰ্তে ৩৫০ টকালৈ মজুৰি বৃদ্ধিৰ কৰাৰ দাবী জনায়৷ তেজপুৰৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত চিটুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত কেইবাশতাধিক চাহ শ্ৰমিকে ধৰ্ণা প্ৰদান কৰে৷ প্ৰতিবাদকাৰীসকলে চাহ শ্ৰমিক মজুৰি বৃদ্ধি কৰাৰ দাবী জনায়৷ শ্ৰমিকসকলে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক, অসম চৰকাৰ হায় হায়, শ্ৰম মন্ত্ৰী মুৰ্দাবাদ আদি শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ ৬ মাহ উকলি যোৱাৰ পিচতো বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰাত চাহ শ্ৰমিকসকল চৰকাৰৰ বিৰুদ্ধে সােচ্চাৰ হৈ পৰে৷