newsnextone.com | মৰিয়নীঃ মঙলবাৰৰ পৰা উজনিৰ যোৰহাট জিলা ভ্ৰমণ কৰিছে ৰাজ্যৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত উপস্থিত হৈ হিমন্তই বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লয়৷ তাৰ পিছতে বুধবাৰে মন্ত্ৰীগৰাকীয়ে যোৰহাট চহৰত উপস্থিত হৈ কেইবাটাও আঁচনি মুকলি কৰে৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় নতুনকৈ সংযোগ ঘটোৱা নিউৰ’ চাৰ্জাৰী বিভাগটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে।
সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ, অধ্যক্ষ ড০ দেৱজীৎ হাজৰিকা, বিজেপিৰ যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী সহ কেইবাশতাধিক লোকৰ উপস্থিতিত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ’ চাৰ্জাৰী বিভাগটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে৷ নিউৰ’ চাৰ্জাৰী বিভাগটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে প্ৰতিশ্ৰুতি দিয়া মতেই প্ৰতিটো কাম কৰি প্ৰতিশ্ৰুতি এটা এটাকৈ পূৰণ কৰা বুলি কয়৷