Home ৰাজ্যকোকৰাঝাৰত নিৰাপত্তাৰক্ষীৰ অভিযান, অস্ত্ৰ সহ জালত এনডিএফবিৰ (এচ) কেডাৰ

কোকৰাঝাৰত নিৰাপত্তাৰক্ষীৰ অভিযান, অস্ত্ৰ সহ জালত এনডিএফবিৰ (এচ) কেডাৰ

by News Desk
89 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষী আৰু ১২ নং শিখলাই সেনাৰ ৰেজিমেণ্টে যৌথ অভিযান চলাই কোকৰাঝাৰৰ উত্তৰ হাইজ্ৰাইগুৰীৰ ৩নং ৰাইডৰ পৰা এনডিএফবি(এচ) এগৰাকী দুধৰ্ষ সদস্যক আটক কৰাৰ লগতে আন এগৰাকী লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে।

বুধবাৰে পুৱতি নিশা চলো অভিযানত কচুগাঁও হাব্ৰুবিলৰ অনচুমা নাৰ্জাৰী (২৬)ওৰফে গালৰ আৰু লিংকমেনগৰাকী হ’ল গোঁসাইগাঁও হাইজ্ৰাইগুৰীৰ সমীৰ নাৰ্জাৰী(২৫) ওৰফে হালাং বুলি কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৱে সদৰি কৰে৷ আটকাধীন এনডিএফবি(এচ)ৰ সদস্যগৰাকী হ’ল ম্যানমাৰত প্ৰশিক্ষিত তথা এনডিএফবি (এচ)ৰ ৪২নং বেটচৰ সদস্য বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আটকাধীন অনচুমা নাৰ্জাৰী আৰু সমীৰ নাৰ্জাৰীৰ জিন্মাৰ পৰা দুটা পিষ্টল, ৯ জাঁই সজীৱ গুলী আৰু দুটা মোবাইল হেণ্ডচেট উদ্ধাৰ কৰা বুলিও সদৰি কৰে আৰক্ষীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0