Home ৰাজ্যজননেতা শৰৎ সিংহৰ মানস কন্যা ৰত্নপীঠ মহাবিদ্যালয়ত বিজ্ঞান শাখা অন্তৰ্ভুক্তিৰ দাবীত প্ৰতিবাদ

জননেতা শৰৎ সিংহৰ মানস কন্যা ৰত্নপীঠ মহাবিদ্যালয়ত বিজ্ঞান শাখা অন্তৰ্ভুক্তিৰ দাবীত প্ৰতিবাদ

by News Desk
56 views
A+A-
Reset

newsnextone.com | বিলাসীপাৰাঃ ৰাজ্যৰ প্ৰাক্তন প্ৰাক্তন মুখ্যমন্ত্ৰী, জননেতা শৰৎ চন্দ্ৰ সিংহৰ সপোনৰ উচ্চ শিক্ষানুষ্ঠান ধুবুৰী জিলা চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ পৰা চৰকাৰে বিজ্ঞান শাখা অন্তৰ্ভুক্তি নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ধুবুৰীত৷ জননেতা শৰৎ চন্দ্ৰ সিংহই নিজেই গাঁৱৰ স্কুলতে প্ৰাথমিক শিক্ষা লাভ কৰাৰ লগতে সহকাৰী শিক্ষকৰ পৰা আৰম্ভ কৰি প্ৰধান শিক্ষক পৰ্যন্ত হৈছিল৷ গাঁৱৰ স্কুলত পঢ়ি ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যন্ত হোৱা জননেতা শৰৎ চন্দ্ৰ সিংহই নিজৰ জন্মস্থানত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে কেইবাখনো শিক্ষানুষ্ঠানৰ জন্ম দিয়ে। 

তাৰ ভিতৰত অন্যতম আছিল চাপৰ ৰত্নপীঠ মহাবিদ্যালয়৷ এই চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ত চৰকাৰে বিজ্ঞান শাখা কৰ্তন কৰে৷ শেহতীয়াকৈ চৰাকৰে ৫০ খন মহাবিদ্যালয়ত বিজ্ঞান শাখা অন্তৰ্ভুক্ত কৰে যদিও চাপৰ ৰত্নপীঠ মহাবিদ্যাল বাদ পৰাত উত্তাল হৈ পৰিছে ধুবুৰী জিলা৷ বৃহস্পতিবাৰে ধুবুৰীৰ চাপৰত বিভিন্ন দল-সংগঠনে ৩১নং ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে ৰত্নপীঠ মহাবিদ্যালয়ত বিজ্ঞান শাখা কৰ্তনৰ বিৰোধিতা কৰি বিজ্ঞান শাখা  শীঘ্ৰে অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়৷ জননেতা শৰৎ চন্দ্ৰ সিংহৰ মানস কন্যা হিচাপে জনজাত ঐতিহাসিক মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰদানৰ দাবী জনায় অন্যথাই ভয়াবহ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি কয় আমছুৱে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0