Home ৰাজ্যনাগৰিকত্ব বিধেয়কৰ সমৰ্থন নকৰাত কোচ-ৰাজবংশীক নিৰ্যাতন, মুকলি আকাশৰ তলত অন্নবালা

নাগৰিকত্ব বিধেয়কৰ সমৰ্থন নকৰাত কোচ-ৰাজবংশীক নিৰ্যাতন, মুকলি আকাশৰ তলত অন্নবালা

by News Desk
A+A-
Reset
a1c4c82d-c0a8-4281-a7db-4332d8528dc5

newsnextone.com | কোকৰাঝাৰঃ চিৰাং জিলাৰ পুৱ এংকৰবাৰী নিবাসী অন্নবালা ৰায়ক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষিত কৰাৰ পিছত আৰু যোৱা ২৩ জুনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ ১২ দিনৰ অন্তত বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ ওলাই আহে। সকলো নথিপত্ৰ থকাৰ পিছতোঁ অন্নবালা ৰায়ক বিদেশী বুলি ঘোষণা কৰা বুলি অভিযোগ তুলি আক্ৰাছুৱে অন্নবালা ৰায়ৰ মুক্তিৰ দাবীত প্ৰৱল প্ৰতিবাদ সাৱস্ত কৰি আহিছিল। 

ইয়াৰোপৰি আক্ৰাছুৱে অন্নবালা ৰায়ক জামিনত মোকলাই লোৱাৰ বাবে আদালতত যাৱতীয় নথিপত্ৰ জমা দিয়াত অৱশেষত চিৰাং জিলা বিদেশী ন্যায়াধিকৰণে অন্নবালা ৰায়ৰ জামিন মঞ্জুৰ কৰে আৰু সুদীৰ্ঘ ১২ দিনৰ অন্তত অন্নবালা ৰায়ে মুকলি আকাশৰ তললৈ ওলাই আহে। কোকৰাঝাৰ ডিটেনচন কেম্পৰ পৰা অন্নবালা ৰায় ওলাই অহাৰ পিছতে আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মনকে ধৰি আক্ৰাছুৰ আন নেতা কৰ্মীয়ে অন্নবালা ৰায়ক আদৰণি জনায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0