newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ নামতিৰ এগৰাকী মেধাবী ছাত্ৰৰ দুয়োটা বৃক্ক বিকল হৈ পৰাত জীৱনটোৰ সৈতে যুদ্ধ কৰিব লগীয়া হৈছে বুলি জানিব পৰা গৈছে৷ শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ত অধ্যয়নৰত মেধা ছাত্ৰজনৰ দুয়োটা কিডনী বিকল হৈ পৰাত এতিয়া বিছনাত শুই বহি দিন পাৰ কৰিব লগা হৈছে৷
এই বেলি গড়গাঁও মহাবিদ্যালয়ত স্নাতকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়ে ছাত্ৰজনে৷ নাম তেওঁৰ প্ৰাণজিৎ গগৈ৷ শিৱসাগৰ জিলাৰ নামতিৰ বানমুখ চুতীয়া গাঁৱৰ টুটুল গগৈ আৰু ৰীণা গগৈৰ পুত্ৰ প্ৰাণজিৎ গগৈয়ে গড়গাঁও মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে দুয়োটা কিডনি বিকল হৈ পৰে৷