newsnextone.com | গোৰেশ্বৰঃ অবিভক্ত কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত গোৰেশ্বৰ অঞ্চলক ৰাজ্যৰ প্ৰতিখন চৰকাৰে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বিটিএডিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ তথা ৰঙিয়া বিধান সভা সমষ্টি আৰু মঙলদৈ লোকসভা সমষ্টিৰ গোৰেশ্বৰীয়া ৰাইজ বছৰ বছৰ ধৰি লাঞ্চিত-বঞ্চিত৷ এক ৰক্তাক্ত ইতিহাসৰ মাজেৰে পাৰ হৈ অহা গোৰেশ্বৰীয়া ৰাইজে কলা, সংস্কৃতি, বাণিজ্য, ক্ৰীড়াৰ ক্ষেত্ৰৰ লগতে বিভিন্ন দিশত সদায় অৱদান আগবঢ়াই আহিছে৷
কিন্তু ঐতিহাসিক গোৰেশ্বৰক কোনো দলৰ চৰকাৰ আৰু কোনো নেতাই গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ নিৰ্বাচনৰ সময়ত কেৱল বৰ বৰ কথাৰে ফিতাহি মাৰে যদিও সেইবোৰ সময়ত ফুটুকাৰ ফেনত পৰিণত হয়৷ নিৰ্বাচনত জয়ী হৈ বিধায়ক, পৰিষদৰ কাৰ্যবাহী হোৱাৰ পিছত চাহ বাগান, দালান, বেংক বেলেঞ্চ, বিলাসী গাড়ী, মনোৰঞ্জনৰ বাবে নতুনত্ব আহে যদিও গোৰেশ্বৰৰ বাব একো নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷