newsnextone.com | ডিজিটেল ডেস্কঃ থাইলেণ্ডত প্ৰায় ২ সপ্তাহ ধৰি গুহাৰ ভিতৰত আবদ্ধ হৈ থকা ফুটবল দলটোক উদ্ধাৰৰ চেষ্টা দ্ৰতু হৈ পৰা পৰিলক্ষিত হৈছে৷ থাই প্ৰশাসনিক বিষয়াই ৰবিবাৰে সংবাদ মাধ্যমক গুহাৰ সমীপত স্থাপিত শিৱিৰৰ ঠাই খালী কৰি দিয়াৰ বাবে আহ্বান জনায়৷
প্ৰশাসনিক বিষয়াই সংবাদ কৰ্মীসকলক ভুক্তভোগীসকলৰ সুবিধাৰ্থে ঠাইটুকুৰা খালী কৰিবলৈ কয়৷ আনহাতে থাই প্ৰশাসনৰ এই সিদ্ধান্তৰ পিছতে আবদ্ধ ফুটবল দলটোক উদ্ধাৰৰ বাবে প্ৰশাসনৰ সেয়া অন্তিম প্ৰয়াস বুলি অনুমান কৰা হৈছে৷