newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ থাইলেণ্ডত বাঢ়নী পানীৰ পৰিপূৰ্ণ এটা গুহাত ১৫ দিন ধৰি আবদ্ধ ১২ কিশোৰ আৰু তেওঁলোকৰ ফুটবল প্ৰশিক্ষকক উদ্ধাৰৰ অভিযানত উদ্ধাৰকাৰীয়ে ৪ জন সদস্যক গুহাৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়৷
অভিযানৰ নেতৃত্বই কয় যে আশা কৰাতকৈ অভিযান কাৰ্যসূচী অধিক ফলপ্ৰসূতাৰে চলি আছে৷ ১১ বছৰীয়াৰ পৰা ১৬ বছৰৰ ভিতৰৰ ফুটবল খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকক পানীৰ মাজৰে উদ্ধাৰকাৰীৰ দলে গুহাৰ বাহিৰলৈ উলিয়াই অনাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে৷