newsnextone.com | গুৱাহাটীঃ বহিৰাগত বণিয়াই খিলঞ্জীয়া অসমীয়াক দুৰ্ব্যৱহাৰ কৰাৰ ঘটনাক লৈ ৰাজ্যৰ পৰিৱেশ উত্তাল হৈ থকাৰ সময়তে সোমবাৰে মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মতসিংকাৰ পৰিয়ালে এখন সংবাদ মেল আয়োজন কৰি ঘটনাৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰে৷
উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কমল দাস নামৰ এজন থলুৱা কৰ্মচাৰীক কাণত ধৰাই আঁঠু কঢ়াই থৈছিল বৃহস্পতিবাৰে৷ তাৰ পিছতে এই ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ পায়৷ ফটোখন ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷