ডিজিটেল ডেস্কঃ প্ৰশ্নকাকত ফাদিলেই হওক বা নকল যোগান ধৰাই হওক, দেশৰ শিক্ষা ক্ষেত্ৰখনত বিহাৰৰ নামটো অলপ বদনাম বুলি পৰিগণিত। কিন্তু এনেকুৱা হ’ব পাৰে নে যে ছাত্ৰ-ছাত্ৰী পৰীক্ষা গৃহত বহি আছে আৰু প্ৰশ্নকাকতেই ছপা কৰিবলৈ পাহৰি গ’ল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।
এনেকুৱাই এটা লজ্জাজনক ঘটনাৰে ছচিয়েল মিডিয়াকে ধৰি দেশৰ সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছে বিহাৰৰ নাম। অসাৱধানতাৰ নতুন অভিলেখ গঢ়ি ৰাজ্যখনৰ তিলকা মাঝি ভগলপুৰ বিশ্ববিদ্যালয়খনৰ ৯৪ জন ছাত্ৰ-ছাত্ৰীয়ে।