Home গুৱাহাটীদৌৰৰ ৰাণী হিমাক তৰুণ গগৈৰ ১ লাখ

দৌৰৰ ৰাণী হিমাক তৰুণ গগৈৰ ১ লাখ

by News Desk
64 views
A+A-
Reset

newsnextone.com | নগাঁওঃ অসম কন্যা হিমা দাসে অনূৰ্ধ্ব ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰি দেশলৈ তথা অসমলৈ গৌৰৱ কড়িয়াই আনিবলৈ সক্ষম হৈছে৷  দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ক্ৰিকেটৰ তাৰকা, বলিউডৰ তাৰকা, কেন্দ্ৰীয় মন্ত্ৰীয়ে টুইটাৰত শুভেচ্ছা যাচে হিমাক৷ দেশ বিদেশৰ হাজাৰ হাজাৰ লোকে ছ’চিয়েল মিডিয়া যোগে শুভেচ্ছা জনোৱাৰ সময়তে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমাক দাসক ১ লাখ টকা সাহায্য দিয়াৰ কথা ঘোষণা কৰে৷ তৰুণ গগৈয়ে পিতৃ-মাতৃৰ ন্যাসৰ পৰা ১ লাখ টকা দিয়াৰ কথা ঘোষণা।

বৃহস্পতিবাৰে ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰে হিমাই৷ যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল৷ মধ্য অসমৰ নগাঁৱৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷ বৃহস্পতিবাৰে ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত অনূৰ্ধ্ব-২০ আই এ এ এফ ছেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত হিমাই ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় অসমৰ দৌৰৰ ৰাণী হিমা দাসে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0