newsnextone.com | গুৱাহাটীঃ নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাসৰ সফলতাত আনন্দিত হৈ পৰিছে দেশ তথা ৰাজ্যবাসী৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা নগাঁৱৰ কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷
কমনৱেলথ গেমছ কি জনা নাছিল তেওঁ৷ তেও জানিছিল কেৱল দৌৰিব৷ যাৰ বাবে কমনৱেলথ গেমছ ফাইনেলত প্ৰৱেশ কৰিছিল হিমাই৷ কমনৱেলথ গেমছ ফাইনেলত দৌৰ দিছিল হিমাই৷ দেশ ৰাজ্য বাসীৰ মৰম, চেনেহ, আশীৰ্বাদ লৈ যুজত নামি প্ৰতিপক্ষক হৰুৱাই স্বৰ্ণ দখল কৰি এক অন্যান্য ইতিহাস ৰচনা কৰা হিমা এতিয়া দেশৰ ক্ৰীড়াৰ তাৰকা৷