newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনলৈ মাথো দুসপ্তাহ বাকী থকা অৱস্থাত লাহোৰ জেলৰ কয়দী হৈ পৰিল পাকিস্তানৰ একালৰ প্ৰভাৱশালী নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ। শুকুৰবাৰে লাহোৰ বিমান বন্দৰত বিমানৰ পৰা নুমাৰ পিছতে লাহোৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰে নৱাজ শ্বৰীফ আৰু কন্যা মৰিয়ম শ্বৰীফক।
আবু ধাবিৰ পৰা নিৰ্ধাৰিত সময়তকৈ ৩ ঘণ্টা পলমকৈ লাহোৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে লাহোৰৰ আল্লাম ইকবাল বিমান বন্দৰত গ্ৰেপ্তাৰ কৰে লাহােৰ আৰক্ষীয়ে। তাৰ পৰা পোনে পোনে নিয়া হয় ৰাৱালপিণ্ডিৰ আদিলা জেললৈ। লণ্ডনত পত্নীক চিকিৎসা কৰি আছিল যদিও পত্নীক আবু ধাবিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰি থৈ শেষ বাৰৰ বাবে পত্নীক কন্যা মৰিয়মৰ সৈতে দেখা কৰি বিদেশী সংবাদ প্ৰতিষ্ঠানৰ মতে চকুলো টুকি আবু ধাবিৰ পৰা পাকিস্তানলৈ উৰা মাৰে৷