newsnextone.com | ডিজিটেল ডেস্কঃ ২৪ ঘণ্টাত ৩ লাখ ফ’লৱাৰ কমিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷ @narendramodi আৰু @PMOIndia নামেৰে থকা টুইটাৰ একাউণ্টৰ পৰা ফ’লৱাৰ কমে৷ ৪ কোটি ৩১ লাখ হৈ পৰে ফ’লৱাৰ৷ টুইটাৰট নৰেন্দ্ৰ মোডী বৰ্তমান ভাৰতবৰ্ষৰ সকলোতকৈ জনপ্ৰিয় ব্যক্তি৷ কোনো ভাৰতীয়ৰ ইমান ফ’লৱাৰ নাই৷ প্ৰশ্ন উত্থাপন হৈছে মোডীয়ে পূৰ্বৰ জনপ্ৰিয়তা হেৰাইছে নেকি? দুয়োটা একাউণ্ট মিলি ৩ লাখ ফ’লৱাৰ কমি অহাৰ পিছতে এই প্ৰশ্ন উত্থাপন হৈছে৷
বিগত কেইবাটাও দিনত ছ’চিয়েল মিডিয়াত কেইবাগৰাকী ভাৰতীয় ৰাজনীতিবিদৰ জনপ্ৰিয়তা কমিছে৷ বিশেষকৈ টুইটাৰত ফ’লৱাৰ কমিছে কেইবাগৰাকী ৰাজনেতাৰ৷ তাৰ কাৰণ হৈছে টুইটাৰে বিগত দিনত ভুৱা একাউণ্ট বন্ধ কৰাৰ বাবে চলোৱা অভিযানত ভাৰতৰ লাখ লাখ ভুৱা একাউণ্ট বন্ধ কৰি দিয়াত ক্ৰমান্বয়ে ভাৰতৰ ৰাজনেতাৰ ফ’লৱাৰ কমি আহিছে৷ লাখ লাখ একাউণ্ট ডিলিট কৰাৰ ফলত টুইটাৰত ভূমিকম্পৰ সৃষ্টি হয়৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় বিগত নিৰ্বাচনত ভুৱা একাউণ্টে বিশেষ প্ৰভাৱ পেলাইছিল৷