newsnextone.com | মৰিগাঁওঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ চহৰৰ কুচিয়াবিলত অসমৰ একেটা পৰিয়ালৰ ৪গৰাকী লোকৰ মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰচলা গাঁৱৰ পৰিয়ালটোৰ ৬ বছৰীয়া শিশু সহ ৪গৰাকী লোকৰ মৃত্যু হয়৷
ডিমাপুৰত ৰাজমিস্ত্ৰী হিচাপে যোৱা ১০ বছৰ থাকি পৰিয়াল চলাই থকা লাল মিঞা নামৰ লোকজন সহ পৰিয়ালটোৰ আটাইকেইজন সদস্যৰ মৃতদেহ এটা ঘৰৰ ভিতৰৰ পৰা শনিবাৰে উদ্ধাৰ হয়৷ জানিব পৰা মতে, উক্ত ঘৰটোত যোৱা কেইবাটাও বছৰ ধৰি লাল মিঞাই পত্নী দুই সন্তান সহ বাস কৰি আছিল৷