Home ৰাজ্যস্বৰ্ণৰাণী হিমাৰ ঘৰত মুখ্যমন্ত্ৰী সোণোৱাল, অসমীয়া নাৰী কিমান শক্তিশালী হিমাই প্ৰতিপন্ন কৰিছে

স্বৰ্ণৰাণী হিমাৰ ঘৰত মুখ্যমন্ত্ৰী সোণোৱাল, অসমীয়া নাৰী কিমান শক্তিশালী হিমাই প্ৰতিপন্ন কৰিছে

by News Desk
68 views
A+A-
Reset

newsnextone.com | নগাঁওঃ মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বৰ্ণজয়ী হিমাৰ দাসৰ বাসগৃহত উপস্থিত হয়৷ স্বৰ্ণজয়ী দৌৰৰ ৰাণী হিমা দাসৰ সফলতাৰ বাবে তেওঁৰ পিতৃ-মাতৃক অভিনন্দন জনোৱাৰ উদ্দেশ্যে হিমাৰ নগাঁৱৰ কান্ধুলীমাৰীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে হিমা দাসে বিচৰা ধৰণেই সকলো সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰি কয় যে অসম তথা দেশবাসীক অতিকে গৌৰাম্বিত কৰি তোলা এনে সফলতাৰ অন্তৰালত যিমান অনুপ্ৰেৰণা আৰু সহযোগিতা দেখুৱালে তাৰ বাবে পিতৃ-মাতৃ আৰু তেওঁৰ পৰিয়ালটোক কৃতজ্ঞতা জনাবলৈকে মই ইয়ালৈ আহিছো।

মুথ্যমন্ত্ৰীয়ে আৰু কয় যে অসমীয়া নাৰী কিমান শক্তিশালী, অসমীয়া নাৰীৰ কিমান দৃঢ়তা, সংকল্প, একাগ্ৰতা আৰু মনোবল থাকিব পাৰে তাক আজি হিমা দাসৰ সফলতাই প্ৰতিপন্ন কৰিছে৷ নাৰীয়ে কৰিব নোৱাৰা একো নাই৷ প্ৰৱল ইচ্ছা শক্তি, মনোবল আৰু দৃঢ়তা থাকিলে সকলো কামেই নাৰীয়ে হেলাৰঙে কৰিব পাৰে৷ সেই কথা হিমা দাসে বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা সফলতাই পুনৰবাৰ প্ৰমাণিত কৰিলে৷ হিমাই সম্পূৰ্ণ একাগ্ৰতাৰে যিদৰে ইতিহাস ৰচনা কৰি স্বৰ্ণ আজুৰি আনিলে তাৰ বাবে আমি আজি সকলো গৌৰাম্বিত৷ এয়া এক মহিলাসবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0