newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু কন্যা মৰিয়মৰ জামিন নাকচ কৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ে৷ অহা ২৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনলৈকে জেলতে কটাব লাগিব পিতৃ-কন্যাই৷ পাকিস্তানৰ আদালতে নৱাজ আৰু মৰিয়মৰ আবেদনৰ শুনানিৰ কাল জুলাইৰ মাহৰ শেষ সপ্তাহলৈকে পিছুৱাই দিয়ে৷ ভ্ৰষ্টচাৰৰ গোচৰত অভিযুক্ত কৰাৰ বিৰুদ্ধে এই আবেদন দাখিল কৰিছিল নৱাজ শ্বৰীফৰ অধিবক্তাই৷ পাকিস্তান মুছলিম লীগৰ সমৰ্থকে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ নেতাই মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ভাবিছিল যদিও সেয়া সম্ভৱ নহ’ল৷
পাকিস্তানৰ সাধাৰণ নিৰ্বাচনলৈ মাথো ৮টা দিন বাকী থকা অৱস্থাত লাহোৰ জেলত কয়দী হিচাপে দিন পাৰ কৰিছে পাকিস্তানৰ একালৰ প্ৰভাৱশালী নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ। ১৩ জুলাইত লাহোৰ বিমান বন্দৰত বিমানৰ পৰা নুমাৰ পিছতে লাহোৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰিছিল নৱাজ শ্বৰীফ আৰু কন্যা মৰিয়ম শ্বৰীফক।