newsnextone.com | ডিজিটেল ডেস্কঃ চীনে অৰুণাচল সীমান্তত নিৰ্মাণ কৰিছে মানৱবিহীন বতৰ বিজ্ঞান বিভাগৰ কেন্দ্ৰ৷ সংঘৰ্ষৰ স্থিতিত দেশৰ সেনা, বিমান, মিছাইল সঞ্চালনাৰ সন্দৰ্ভত সহায়ক হোৱাৰ বাবে এই কেন্দ্ৰ স্থাপন কৰে চীনে৷
গ্লবেল টাইমছৰ খবৰ মতে, তিব্বতৰ চান্নান পৰিক্ষেত্ৰৰ য়ুমত এই কেন্দ্ৰ স্থাপন কৰিছে চীনে৷ তিব্বত বতৰ বিজ্ঞাৰ বিভাগৰ ব্যুৰৰ মতে, এই কেন্দ্ৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে উপলদ্ধ হ’ব৷ সীমাৰ উন্নয়ন, সেনা আৰু নাগৰিকৰ সংযোগ ৰক্ষাৰ বাবে সহায়ক হ’ব৷ চীনৰ সকলোকতকৈ কম জনসংখ্যাৰ ঠাই ৰূপে জনাজাত য়ুমুই৷