newsnextone.com | গুৱাহাটীঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহি উত্তীৰ্ণ হোৱা ১৯ ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে৷ কাহিলিপাৰাত হস্তাক্ষৰৰ নমুনা সংগ্ৰহৰ বাবে মাতি গ্ৰেপ্তাৰ কৰে বিষয়াসকলক৷ আত্মগোপন তথা পলায়ন কৰাৰ আশংকা কৰিয়েই কাহিলীপাৰাত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়তে গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে৷
২০১৬ চনত নিযুক্তি লাভ কৰা ১৯ জনকৈ APS-ACS বিষয়াক অৱশেষত গ্ৰেপ্তাৰ কৰিলে ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই৷ বুধবাৰে দুপৰীয়া অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়তে আটাইকেইজনক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা যায়৷ আটাইকেইজনে বুধবাৰে কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত হস্তাক্ষৰৰ নমুনা প্ৰদান কৰাৰ কিছু সময় পিছতে গ্ৰেপ্তাৰ কৰা বুলি স্পষ্ট কৰে ডিব্ৰুগড় জিলাৰ আৰক্ষী আধীক্ষকে৷