newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানত ৭০ বছৰৰ ইতিহাসত দ্বিতীয় বাৰৰ বাবে গণতান্তিক পদ্ধতিত প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব দেশৰ জনগণে। ৭০ বছৰৰ ভিতৰত প্ৰথমবাৰ ২০১৩ চনত শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছিল পাকিস্তানত। সেইবাৰ গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীয়ে শপত লৈছিল। ইয়াৰ পূৰ্বে আৰু পিছত সেনাৰ সহায়ত নতুবা ক্ষমতাৰ অপপ্ৰয়োগ কৰি প্ৰধানমন্ত্ৰীৰ পদ দখল কৰিছিল। ২০১৩ চনৰ পিছত ২০১৮ চনত বুধাবৰৰ পুৱা গণতান্ত্ৰিক পদ্ধতিত ভোটদান অনুষ্ঠিত হৈছে।
আনহাতে এইবেলি নিৰ্বাচনত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ নাম ব্যাপক চৰ্চালৈ আহিছে। পিটিআই দলৰ মুৰব্বী খানে লাহোৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী। নিৰ্বাচনৰ প্ৰায় ১ বছৰৰ পূৰ্বৰ পৰাই সমগ্ৰ দেশত প্ৰচাৰ চলাইছিল ইমৰাণ খানে। যুৱ প্ৰজন্মৰ আকৰ্ষণ হৈ পৰিছিল ইমৰাণ। দেশক সন্ত্ৰাস মুক্ত কৰা, সংস্থাপন দিয়া, কাশ্মীৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দি ভোটাৰক আকৰ্ষণ কৰি আহিছে।