ৰঙিয়াঃ আপুনি বা আপোনাৰ পৰিয়াল সহ: বিশেষ কামত আন ঠাইলৈ আহি লজত থাকিব বিচাৰিছে যদি এতিয়াৰ পৰা সাৱধান হ’বৰ হ’ল। ৰঙিয়া ষ্টেশ্যনৰ এখন লজত আজি নিশাৰ ভাগত সংঘটিত হোৱা এক ধন লুটৰ ঘটনাই বিভিন্ন কামৰ বাবে আহি লজত থাকিবলৈ লোৱাসকলক চিন্তিত কৰি তুলিছে।
ঘটনাৰ বিষয়ে জানিব পৰা মতে অসমলৈ কাপোৰ ব্যৱসায় কৰিবলৈ অহা উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ ৮ জন ব্যৱসায়ীয়ে যোৱা ১৫ দিন ধৰি ৰঙিয়া ষ্টেশ্যনৰ হেপ্পী ভিউ লজত থাকিবলৈ লৈছিল। ব্যৱসায়ী কেইজনে এনেদৰে লজটোত থাকি ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলত কাপোৰ ফেৰি কৰি আহিছিল।