ডিব্ৰুগড়ঃ ডিব্ৰুগড় চহৰৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে ৰান্ধনীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ। উত্থাপিত অভিযোগ অনুসৰি, যোৱা ১৩ এপ্ৰিলত সংঘটিত হৈছিল এই ঘটনা। সেইদিনা চহৰখনৰ গ্ৰেহেম বজাৰ শ্ৰীলক্ষ্মী মন্দিৰ গান্ধী আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰহ্মদেৱ চাহুৱে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ৰান্ধনী গৰাকীক ধৰ্ষণৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।
বিহুৰ পূৰ্বেই সংগটিত হোৱা এই ঘটনাৰ বিষয়ে আজি পোহৰলৈ আনে ৰান্ধনীগৰাকীৰ স্বামীয়ে। বিদ্যালয়খনৰ পৰিচালনা সমিতিক স্বামীয়ে অৱগত কৰা অনুসৰি যোৱা উক্ত দিনা বিদ্যালয় ছুটী দিয়াৰ পিছত প্ৰধান শিক্ষক চাহুৱে সেই সময়ত বিদ্যালয়ৰ ৰান্ধনীশাল সামৰি থকা মহিলাগৰাকীক হাতত ধৰি চোচৰাই নি মধ্যাহ্ন ভোজনৰ চাউল ৰখা গুদামত ধৰ্ষণৰ চেষ্টা চলায়।