60
মোৰাঝাৰঃ হোজাই জিলাৰ কপাহবাৰী সমবায় সমিতিৰ অধ্যক্ষ পদত কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী আছাদুৰ ৰহমান চৌধুৰী কালি আনুষ্ঠানিকভাৱে নিৰ্বাচিত হয়। এই জয়ৰ লগে লগে সমবায় সমিতিখনত কংগ্ৰেছৰ দখল নিশ্চিত হৈ পৰে।
আছাদুৰ যুৱ কংগ্ৰেছৰ যমুনামুখ সমষ্টি সমিতিৰ সম্পাদকৰো দায়িত্বত আছে। মুঠ ১৫ গৰাকী সদস্যৰ ভিতৰত কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী আছাদুৰ ৰহমান চৌধুৰীক এ আই ইউ ডি এফ আৰু অগপসহ আটাইকেইগৰাকী প্ৰাৰ্থীৰ সমৰ্থনত অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।