116
newsnextone.com | ডিফুঃ ৩০ জুলাইত প্ৰকাশিত বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয়খন পূৰ্ণাংগ খচৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন নাগৰিক মঞ্চ-অসমৰ কাৰ্বি আংলং শাখাই ৷
বুধবাৰে ডিফু ৰাঙছিনা ভৱনৰ সভাকক্ষত আয়োজন কৰা এক সংবাদমেলত সচেতন মঞ্চ-অসমৰ কাৰ্বি জিলাৰ নেতা জনতা চাহানীয়ে কয় যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অসম চৰকাৰে অতি সাৱধানতা আৰু তৎপৰতাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা কৰিবলৈ সক্ষম হোৱা বুলি কয়।