newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত দেওবাৰৰ দিনটোতে অৰ্থাৎ ২০১৬ চনৰ ৫ আগষ্টৰ দিনটোতে দুৰ্ষ্কৃতিকাৰীৰ নিৰ্বিচাৰ গুলিচালনাত ১৪ জনকৈ নিৰীহ লোক মৃত্যুমুখত পৰাৰ লগতে আন ১৮ জনকৈ নিৰীহ লোক গুৰুতৰভাৱে আহত হৈছিল।
উক্ত ঘটনাত গুলিচালনা কৰা দুৰ্ষ্কৃতিকাৰীটোও নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল। ব্যাপক চাঞ্চল্যকাৰী ঘটনাই দেশজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু ঘটনাস্থলীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু ৰাজনৈতিক নেতা, ছাত্ৰ নেতাৰ আগমন ঘটিছিল আৰু ন্যায়ৰ হকে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।